আহমেদাবাদৰ বিমাণ দূৰ্ঘটনাত নিহত হয় গুজৰাটৰ প্ৰাক্তন মূখ্যমন্ত্ৰী

Jun 13, 2025 - 01:33
Jun 14, 2025 - 22:51
 0  182
আহমেদাবাদৰ বিমাণ দূৰ্ঘটনাত নিহত হয় গুজৰাটৰ প্ৰাক্তন মূখ্যমন্ত্ৰী

আহমেদাবাদৰ মেঘানীনগৰ আই জি কমপ্লেক্সত বৃহস্পতিবাৰে বিয়লি এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়৷ লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ উক্ত বিমানখনত ২৪২ গৰাকী যাত্ৰী আছিল আৰু তাৰ ভিতৰত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল যাত্ৰীৰ ৰূপত ৷

বিমানখনে উৰণৰ কিছুসময় পিছতে দ্ৰুতগতিত তললৈ নামি অহা দেখা গৈছিল আৰু দুপৰীয়া প্ৰায় ১.৩৯ বজাত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ মেঘানীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে বিমানখনৰ দ্বিতীয় শাৰীৰ আসনত যাত্ৰী হিচাপে আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজয় ৰূপানী ৷

          বিজয় ৰুপানিৰ জন্ম হৈছিল ১৯৫৬ চনৰ ২ আগষ্টত বাৰ্মাৰ ৰেঙ্গুন ডিভিজনৰ ৰেঙ্গুনত এটা জৈন বনিয়া পৰিয়ালত। তেওঁ ঘৰৰ সপ্তম আৰু কনিষ্ঠ পুত্ৰ আছিল। ১৯৬০ চনত বাৰ্মাত ৰাজনৈতিক অস্থিৰতাৰ বাবে তেওঁৰ পৰিয়াল ভাৰতৰ গুজৰাটৰ ৰাজকোটলৈ স্থানান্তৰিত হয়। তেওঁৰ দেউতাক ৰছিকলাল ৰুপানি, যি বাৰ্মাত শস্য ব্যৱসায়ী আছিল। বিজয় ৰুপানীয়ে পিছলৈ ধৰ্মেন্দ্ৰসিংহজী কলা মহাবিদ্যালয়ৰ পৰা বিএ আৰু সৌৰাষ্ট্ৰ বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী লাভ কৰে।

             বিজয় ৰমনিকলাল ৰূপাণীয়ে ২০১৬ চনৰ পৰা ২০২১ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ‌ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এজন সদস্য আছিল আৰু ৰাজকোট পশ্চিম সমষ্টিৰ বাবে গুজৰাট বিধান সভাত প্ৰতিনিধিত্ব কৰিছিল।

তেওঁ‌ আৰ এছ এছ আৰু জনসংঘৰ সদস্য আছিল। ৰূপাণী ১৯৮০ চনতৰ পৰাই বিজেপিৰ সৈতে জড়িত আছিল। তেওঁ ১৯৮৭ চনত ৰাজকোট পৌৰ নিগমলৈ নিৰ্বাচিত হয় আৰু ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈ ৰাজকোটৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০৬ চনত ৰূপাণীক বিজেপিৰ গুজৰাট ৰাজ্যিক গোটৰ সাধাৰণ সম্পাদক হিচাপে দ্বায়িত্বভাৰ দিয়া হৈছিল। ২০০৬ চনৰ পৰা ২০১২ চনলৈ ৰাজ্যসভাত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ আগতে তেওঁ‌ক গুজৰাট বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰিছিল। তেওঁ ২০১৪ চনৰ পৰা ২০২২ চনলৈ ৰাজকোট পশ্চিম সমষ্টিক প্ৰতিনিধিত্ব কৰি গুজৰাট বিধান সভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

          ২০১৪ চনৰ নৱেম্বৰত মুখ্যমন্ত্ৰী আনন্দীবেন পেটেলৰ দ্বাৰা প্ৰথম কেবিনেট সম্প্ৰসাৰণত তেওঁক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু পৰিবহন, পানী যোগানৰ লগতে শ্ৰমিক আৰু নিযুক্তিৰ ৰাজ্যিক দপ্তৰ মন্ত্ৰীৰ দ্বায়িত্ব দিয়া হৈছিল। ২০১৬ চনৰ ১৯ ফেব্ৰুৱাৰীত ৰূপাণী গুজৰাটত বিজেপিৰ সভাপতি হয়। তেওঁ আগষ্ট ২০১৬ চনলৈকে এই পদত অধিষ্ঠিত আছিল।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist