পেহেলগামৰ আক্ৰমণ পৰিণাম হ'ল ভয়াৱহ! মাজনিশা কপি উঠিল পাকিস্তান

May 8, 2025 - 09:21
May 9, 2025 - 21:36
 0  60
পেহেলগামৰ আক্ৰমণ পৰিণাম হ'ল ভয়াৱহ! মাজনিশা কপি উঠিল পাকিস্তান

পেহেলগামৰ আক্ৰমণ পৰিণাম ভয়াৱহ হ’ল পাকিস্তানৰ। ভাৰতীয় সেনাৰ আক্ৰমণত মাজনিশা কপি উঠিল পাকিস্তান। পাকিস্তানৰ ভৰন পোষণত দপ দপাই থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে দিলে পেহেলগামৰ প্ৰত্যুত্তৰ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সেনাই বুধবাৰে নিশা ১.৩০ বজাত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা স্থানত এয়াৰ ষ্ট্ৰাইক কৰে। এইটো তিনিওটা ভাৰতীয় সেনাৰ স্থল, জল আৰু বায়ুৰ যৌথ অভিযান আছিল। এই অভিযানটোৰ নাম আছিল 'অপাৰেছন সেন্দুৰ'। পাকিস্তানত অৱস্থিত ৪টা আৰু পাক অধিকৃত কাশ্মীৰ থকা ৫টা সন্ত্ৰাসবাদী আত্মগোপন কৰা স্থানক লক্ষ্য কৰি 'এয়াৰ ষ্ট্ৰাইক' কৰে। 

          এই সকলোবোৰ স্থান ভাৰতীয় চোৰাংচোৱা সংস্থা RAW (Research and Analysis Wing) য়ে সঠিকভাৱে চিনাক্ত কৰিছিল, তাৰ পিছত লস্কৰ-ই-তৈবা (LeT) আৰু জৈছ-ই-মহম্মদ (JeM)ৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ আত্মগোপন স্থানত সম্পূৰ্ণ পৰিকল্পনাৰে আক্ৰমণ কৰা হৈছিল। 

          বাহাৱালপুৰ, মুৰিদকে, সৰ্জল কেম্প, মেহমুনা কেম্প, গুলপুৰ, লস্কৰ কেম্প ছাৱাই, কোটলি, বৰনালা কেম্পকে ধৰি ৯ টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে।

           ভাৰতীয় সেনাই ‘অপাৰেচছন সিন্দুৰ’ৰ অধীনত চলোৱা মিছাইল আক্ৰমণত ৩০ টাকৈ সন্ত্ৰাসবাদী নিহত হৈছিল। অৱশ্যে, পাকিস্তানৰ আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধানে সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকৰ ৮ জন লোকৰ মৃত্যু হোৱা বুলি দাবি কৰি এই তথ্য প্ৰকাশ কৰিছে । 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist