সন্ত্ৰাসবাদীৰ জম্মু-কাশ্মীৰৰ পহলগামত পুনৰ আক্ৰমণ

Apr 23, 2025 - 11:16
May 9, 2025 - 21:35
 0  1
সন্ত্ৰাসবাদীৰ জম্মু-কাশ্মীৰৰ পহলগামত পুনৰ আক্ৰমণ

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পৰ্যটনস্থলী পহলগামত এক সিহৰণকাৰী ঘটনা সংঘটিত হয়। পৰ্যটন স্থলীত সন্ত্ৰাসবাদীৰ এক নিৰ্মম আক্ৰমণ সংঘটিত হয় আৰু এই আক্ৰমণত কমেও ২৮ জন লোকৰ মৃত্যু হয় । আনহাতে, আন ২০ জন লোক আহত হয় । ইয়াৰে বেছিভাগেই পৰ্যটক আছিল । ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক ভাৰতীয় আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে।

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত উদ্ভৱ হোৱা তুলনামূলকভাৱে নতুন সন্ত্ৰাসবাদী সংগঠন দ্য ৰেজিষ্টেন্স ফ'ৰ্চে (টি আৰ এফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । টি আৰ এফক পাকিস্তান ভিত্তিক আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাত গঠিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এল ই টি) এটা শাখা বুলি জনা যায় । এই আক্ৰমণটো হৈছে বিগত ছয় মাহত অনা-স্থানীয় নাগৰিকসকলক লক্ষ্য কৰি কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আক্ৰমণবোৰৰ ভিতৰত এটা ।

            সন্ত্ৰাসবাদী অতৰ্কিতে উপস্থিত হৈ পৰ্যটকসকলক প্ৰথমে নাম-ধৰ্ম আৰু জাতি সোধে আৰু তাৰপিছতেই নিৰ্বিচাৰে গুলীচালনা কৰে। 

বিয়লি ২:৩০ বজাৰপৰা ৩ বজাৰ ভিতৰত এই আক্ৰমণ হয় বুলি জানিব পৰা গৈছে। প্ৰায় ৪ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাতেই বাৰ্তালাপ কৰিছিল যদিও তেওঁলোকে নিজৰ মাজত পাঞ্জাৱী ভাষাত বাৰ্তালাপ কৰে।

             উল্লেখযোগ্য যে ২০১৯ চনত জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চললৈ পৰিণত কৰা অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিছত সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট হ্ৰাস পাইছে ।

              বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদীৰ দলটোৱে একে-৪৭ (AK-47) মাৰণাস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰে। আক্ৰমণৰ পিছতেই সন্ত্ৰাসবাদীৰ দলটো পাহাৰৰ ওপৰলৈ পলাই যায়। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist