পুনৰ অসুস্থ হৈ পৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ

পুনৰ অসুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ ৷ মাজনিশা এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কন্ঠশিল্পী জনক। জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ পোৱাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে অনুৰাগীসকল।
জানিব পৰা মতে, বুধবাৰে নিশা নতুন অসমীয়া ছবি ‘‘ভাইমন দা’’ৰ প্ৰিমিয়াৰ শ্ব'ত উপস্থিত আছিল তেওঁ। প্ৰিমিয়াৰ শ্ব'ত থকাৰ সময়তে সামান্য পেটৰ বিষৰ লগতে বমি অনুভৱ হোৱাত নিশাই হাস্পতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে জুবিন গাৰ্গে কেইদিনমান ধৰি জ্বৰ-চৰ্দিত ভূগি আছিল। উল্লেখযোগ্য যে শিল্পজনে বহাগৰ মাহতোত বিহুৰ সংগিতানুষ্টানৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্টান সমূহত ব্যষ্ট থকাৰ বাবে বহুদিন ধৰি ভালকৈ শুব পৰা নাচিল। চিকিৎসালয়ৰ কৰ্তিপক্ষৰ পৰা জানিব পৰা মতে বৰ্তমান বিশেষজ্ঞ চিকিৎসক দল এটাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে তেওঁ। চিন্তা কৰিবলগীয়া বিশেষ কাৰণ নাই আৰু কাইলে দুটা মান পৰীক্ষা হোৱাৰ পিছত তেওঁ ঘৰলৈ যাব পাৰিব বুলি উল্লেখ কৰে।
What's Your Reaction?






