কাঁটা লাগা গাৰ্ল খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ দেহাৱসান

মাঠো ৪২ বছৰ বয়সতে মৃত্যু হ'ল 'কাঁটা লাগা গাৰ্ল’ খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ । জানিব পৰা ম'তে হৃদক্রিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰী গৰাকীৰ ।

Jun 28, 2025 - 11:00
Jun 28, 2025 - 13:05
 0  79
কাঁটা লাগা গাৰ্ল খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ দেহাৱসান

মাঠো ৪২ বছৰ বয়সতে মৃত্যু হ'ল 'কাঁটা লাগা গাৰ্ল’ খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ । জানিব পৰা ম'তে হৃদক্রিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰী গৰাকীৰ । শুকুৰবাৰে হঠাৎ উশাহ-নিশাহ লোৱাত কষ্ট পোৱাত লগে লগে তেওঁক মুম্বাইৰ বেলভিউ হাস্পতাললৈ লৈ নিয়া হৈছিল । কিন্তু চিকিৎসাৰ কিছু সময়ৰ পিছতে শ্বেফালীক মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ।

          শ্বেফালী জাৰিৱালা এগৰাকী অভিনেত্ৰী আছিল । মাত্ৰ ২০ বছৰ বয়সত 'কাঁ‌টা লাগা' গানটোত অভিনয় কৰাৰ পিছত, সেই গানটোৰ জনপ্ৰিয়তাই তেওঁ‌ক সকলোৰে এখন চিনাকী মুখ কৰি তুলিছিল । ইয়াৰ পিছৰ পৰা কেইবাটাও সংগীত এলবাম, লগতে চলচ্চিত্ৰত কাম কৰিছে তেওঁ‌ ।

          শ্বেফালী আৰু তেওঁৰ স্বামী পৰাগ ত্যাগীও একেলগে নৃত্য ৰিয়েলিটি শ্ব' "নাচ বলিয়ে ৫" আৰু "নাচ বলিয়ে ৭" ত অংশগ্ৰহণ কৰিছিল। তেওঁ‌ জনপ্ৰিয় ৰিয়েলিটি শ্ব' "বিগ বছ ১৩" তম চিজনৰো অংশ আছিল । শ্বেফালী জাৰিৱালা ২০০৪ চনত  চনত হৰমিত সিঙৰ লগত বিবাহ পাশত আবদ্ধ হয় যদিও ২০০৯ চনত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয় । ইয়াৰ পিছত ২০১৫ চনত পৰাগ ত্যাগীৰ সৈতে  বিয়াত বহিছিল ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist