এন এছ ই(National Stock Exchange Of India) ৰ পহেলগাম আক্ৰমণৰ ভুক্তভোগী পৰিয়াললৈ ১ কোটি টকাৰ অৱদান

Apr 27, 2025 - 12:02
Apr 28, 2025 - 20:04
 0  35
এন এছ ই(National Stock Exchange Of India) ৰ পহেলগাম আক্ৰমণৰ ভুক্তভোগী পৰিয়াললৈ ১ কোটি টকাৰ অৱদান

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহেলগামত সংঘটিত শোকাৱহ সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ প্ৰতি নেচনেল ষ্টক এক্সচেঞ্জ অৱ ইণ্ডিয়াই (এনএছই,NSE)  সমবেদনা আৰু সমৰ্থন আগবঢ়াইছে। সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ পৰিয়ালক সহায় কৰিবলৈ ১ কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে।

এনএছইৰ মুখ্য কাৰ্যবাহী বিষয়া আশীষ চৌহানে শোক প্ৰকাশ কৰি এক্সত(X, পূৰ্বৰ টুইটাৰ)ত কয় যে  "২০২৫ চনৰ ২২ এপ্ৰিলত কাশ্মীৰত সংঘটিত হোৱা শোকাৱহ সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ বাবে আমি গভীৰভাৱে দুখিত। এন.এছ.ই.-য়ে এই কঠিন সময়ত তেওঁলোকৰ পৰিয়ালৰ সৈতে একত্ৰিত হৈ ভুক্তভোগীসকলৰ নিকটাত্মীয়ক ১ কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়ে।" এনএছইয়ে এই শোক আৰু সংকটৰ সময়ত ৰাষ্ট্ৰৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

         উল্লেখযোগ্য যে ২০১৯ ৰ পুলৱামা ষ্ট্ৰাইকৰ পিছত এইটো অঞ্চলটোৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ আছিল ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist