সুদীৰ্ঘ ৮ দিনৰ পাছত বন্দনা দাসৰ হত্যাকাণ্ডত নতুন মোৰ

খাৰঘূলিৰ হত্যাকাণ্ডত আহিছে নতুন টুইষ্ট। কেয়াৰটেকাৰে নহয় নিজ ভাতৃয়ে হে হত্যা কৰিছিল বন্দনাক। ৰাতুল দাসে নহয় ভাস্কৰজ্যোতি দাসেহে বন্দনাক হত্যা কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল।

Jul 9, 2025 - 23:30
Jul 11, 2025 - 16:16
 0  162
সুদীৰ্ঘ ৮ দিনৰ পাছত বন্দনা দাসৰ হত্যাকাণ্ডত নতুন মোৰ

খাৰঘূলিৰ হত্যাকাণ্ডত আহিছে নতুন টুইষ্ট। কেয়াৰটেকাৰে নহয় নিজ ভাতৃয়ে হে হত্যা কৰিছিল বন্দনাক। ৰাতুল দাসে নহয় ভাস্কৰজ্যোতি দাসেহে বন্দনাক হত্যা কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল। আৰক্ষীৰ মাৰাথান জেৰাত এই কথা স্বীকাৰ কৰিছে বন্দনা দাসৰ কেয়াৰটেকাৰ ৰাতুল দাসে। মাটি-সম্পত্তিৰ বাবেই সংঘটিত হ'ল সেই জঘন্য নাৰকীয় কাণ্ড। সম্পত্তিৰ লোভে চুলে ভাতৃক। সেয়ে নিজ ভাতৃয়েই দিলে ভগ্নীৰ হত্যাৰ ছুপাৰী। ভাতৃ ভাস্কৰজ্যোতি দাসৰ কথা মতেই ৰাতুল দাসে নিশা ডিঙি ৰেপি হত্যা কৰে বন্দনা দাসক। আৰক্ষীৰ তথ্য অনুসৰি বন্দনা দাসৰ কুৰুৱাত মাটি আছিল প্ৰায় ৭.৫ বিঘা। শেহতীয়াকৈ বন্দনাই সেই সম্পত্তি বিক্ৰীৰ বাবে যো-জা চলাইছিল আৰু প্ৰায় ৩০ লাখমান টকা বেংকত ফিক্স ডিপʼজিট কৰি ৰাখিছিল বন্দনা দাসে। সেই টকাৰ নমিনী কৰি ৰাখিছিল ভাতৃ ভাস্কৰজ্যোতি দাসক। সেই সকলো সম্পত্তি নিজৰ কৰি পাবৰ বাবেই ৰাতুলক সম্পত্তিৰ লোভ দেখুৱাই ভাস্কৰজ্যোতি দাসে নিজ ভগ্নীক হত্যা কৰাৰ বাবে পৰিকল্পনা কৰিছিল। সম্পত্তিৰ লোভ দেখুৱাইছিল কেয়াৰটেকাৰ ৰাতুলক। সম্পত্তিৰ লোভত ভাস্কৰজ্যোতিৰ লগতে ৰাতুলেও সেই কথাত সন্মতি জনায়। যোৱা ১জুলাই তাৰিখে ৰাতুলে কিনি আনিছিল এখন ছুৰী। ২ তাৰিখে নিশা বন্দনা দাসক হত্যা কৰি ৰাতুলে ভাতৃ ভাস্কৰজ্যোতিক পুৱতি নিশা আপোনাৰ কাম হৈ গ'ল বুলি খবৰ দিছিল। হত্যা কাণ্ড সংঘটিত কৰি সংবাদ মাধ্যমৰ আগত ভাতৃ ভাস্কৰে নাটক ৰচি সাৰি যাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ সন্দেহতহে আহে হত্যাৰ কাণ্ডৰ আচল ৰহস্য পোহৰলৈ আহে। এনেকৈয়ে নিজ ভগ্নীক হত্যা কৰি বন্দনা দাসৰ সম্পত্তিৰ একছত্ৰী সম্ৰাট হোৱাৰ সপোন দেখিছিল ভাস্কৰ দাসে। সম্পত্তিৰ লালসাতেই শেষ হৈ গ'ল ভাতৃ -ভগ্নীৰ দৰে এটা পবিত্ৰ সম্পৰ্কৰ। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist