পুৱাই সপৰিয়ালে কামাখ্যা ধামত উপস্থিত হ'ল মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Jun 28, 2025 - 11:42
Jun 28, 2025 - 22:59
 0  67
পুৱাই সপৰিয়ালে কামাখ্যা ধামত উপস্থিত হ'ল মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে ৰাতিপুৱা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পত্নী, পুত্ৰ আৰু জীয়ৰীৰ সৈ মতে কামাখ্যাত উপস্থিত হয় । বিগত বছৰবোৰৰ দৰে এই বাৰো কামাখ্যাত উপস্থিত হৈ মা ৰ আশিষ ল'লে মূখ্যমন্ত্ৰী গৰাকীয়ে । মা ৰ আশীষ লৈ তেওঁ‌ ৰাজ্যবাসীৰ সুখ সমৃদ্ধিৰ বাবে পূজা অৰ্শণা কৰে আৰু অম্বুবাসী মেলা সূকলমে যোৱাৰ বাবে মন্দিৰ কমিতি, পৰ্যটন বিভাগ তথা বিভাগীয় মন্ত্ৰীক তেওঁ‌ ধন্যবাদ জ্ঞ্যাপন কৰে । লগতে মূখ্যমন্ত্ৰীজনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই --   কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ 'ৰোপ ৱে' হ'ব আৰু ইতিমধ্যে বহুখিনি কাম আগবাঢ়িছে বুলি কয় । তাৰপিছত সোণাৰাম ফিল্ডৰ পৰাও কামাখ্যালৈ 'ৰোপ ৱে' হ'ব আৰু লগতে নৰ্থ-ইষ্টত কেইবাটাও 'ৰোপ ৱে' ৰ ভিচিবিলিটিৰ কাম চলি আছে বুলি মন্তব্য কৰে ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist