এইবাৰ চিৰাং জিলাত লোমহৰ্ষক হত্যাকাণ্ড
চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত কৃষ্ণপুৰ গাঁৱত আজি সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দিন দুপৰতে স্বামীয়ে হাতুৰীৰে কোবাই কোবাই হত্যা কৰিলে নিজ পত্নীক।
চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত কৃষ্ণপুৰ গাঁৱত আজি সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দিন দুপৰতে স্বামীয়ে হাতুৰীৰে কোবাই কোবাই হত্যা কৰিলে নিজ পত্নীক। পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰিয়েই সুৰাৰ ৰাগীত মাতাল হৈ জিতু হেমব্ৰম নামৰ ৩৫ বছৰীয়া ব্যক্তিজনে পুদীন হাছদা নামৰ ৩৩ বছৰীয়া মহিলাগৰাকীক হাতুৰীৰে কোবাই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। পুদীন হাছদা দুই সন্তানৰ মাতৃ আছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু পত্নীহন্তা স্বামী জিতু হেমব্ৰমক গ্ৰেপ্তাৰ কৰে। মৃত পুদীন হাছদাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
What's Your Reaction?