কামাখ্যা ধামত ৰাতিপুৱাই উপস্থিত হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য সপৰিয়াল সহ উপস্থিত হয় কামাখ্যা ধামত । অম্বুবাচী মহাযোগৰ সমাপ্তিৰ পিছতে মা ৰ আশিস ল'লে ৰাজ্যপালজনে ।

Jun 26, 2025 - 10:39
Jun 26, 2025 - 22:06
 0  102
কামাখ্যা ধামত ৰাতিপুৱাই উপস্থিত হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

পুৱাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য সপৰিয়াল সহ উপস্থিত হয় কামাখ্যা ধামত । অম্বুবাচী মহাযোগৰ সমাপ্তিৰ পিছতে মা ৰ আশিস ল'লে ৰাজ্যপালজনে ।

          আজি অম্বুবাচীৰ পঞ্চমটো দিন অৰ্থাৎ আজি পবিত্ৰ নিবৃত্তি । বিগত ২২ তাৰিখৰ পৰা ২৫ তাৰিখলৈ মন্দিৰৰ দোৱাৰ বন্ধ আছিল । আজি পুৱা দেৱীৰ স্নান আৰু পূজা-অৰ্চনাৰ পিছত মন্দিৰৰ দোৱাৰ খুলি দিয়া হ'ল । দোৱাৰ খোলাৰ পিছতেই ৰাজ্য, দেশ তথা বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই দৰ্শন কৰে মা কামাখ্যাক । দৰ্শন, পূজা অৰ্চনাৰ লগতে কামাখ্যা ধামত আয়োজন কৰা হৈছে সাধু-সন্তসকলৰ ধৰ্মীয় বক্তৃতা, পুণ্যস্নান আৰু নানা লোক সংস্কৃতিৰ প্ৰদৰ্শন । মুঠতে অম্বুবাচীৰ এই সময়চোৱাত নীলাচল পাহাৰকে ধৰি ভক্তৰ সমাগমেৰে গোটেই গুৱাহাটী মহানগৰ যেন ধাৰ্মিক নগৰীলৈ ৰূপান্তৰিত হৈছে । প্ৰশাসনৰ ফালৰ পৰাও অম্বুবাচী উপলক্ষে ব্যাপক সুৰক্ষা ব্যৱস্থাৰ লগতে পানী, চিকিৎসা জনিত সহায় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist