অন্ত পৰিল অম্বুবাচী মহাযোগ | খোল খালে কামাখ্যা ধামৰ দুৱাৰ
২৬ জুন বৃহস্পতিবাৰে পুৱতি নিশা ৩ বাজি ২১ মিনিট ২৯ ছেকেণ্ডত নিবৃত্তি ঘটিল অম্বুবাচীৰ। অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ লগে লগে খোল খালে কামাখ্যা ধামৰ দুৱাৰ।
২৬ জুন বৃহস্পতিবাৰে পুৱতি নিশা ৩ বাজি ২১ মিনিট ২৯ ছেকেণ্ডত নিবৃত্তি ঘটিল অম্বুবাচীৰ।অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ লগে লগে খোল খালে কামাখ্যা ধামৰ দুৱাৰ। পুৱা নিত্য নৈমিত্তিক পূজা-অৰ্চনাৰ অন্তত ভক্তই দৰ্শন লাভ কৰিলে মা কামাখ্যাৰ। ২২ জুনত অম্বুবাচীৰ প্রৱৃত্তিৰ লগে লগে বন্ধ হৈ পৰিছিল মন্দিৰৰ দুৱাৰ। প্রবৃত্তিৰ দিনাৰে পৰা অগণন ভক্তৰ লানি নিছিগা সোঁত বৈছিল মা কামাখ্যা মন্দিৰলৈ। সমবেত হৈছিল দেশ -বিদেশৰ পৰা অহা লক্ষাধিক ভক্ত আৰু সাধু–সন্ত। নিবৃত্তিৰ দিনাও মা কামাখ্যাৰ আশীষ ল’বলৈ অভাৱনীয় ভিৰ নীলাচল পাহাৰৰ বুকুত। সকলোৱে শৃংখলাবদ্ধভাৱে সাধাৰণ দীঘলীয়া শাৰীত ৰৈ মাৰ আশীষ গ্ৰহণ কৰিলে মাৰ ,কিয়নো ২৭ জুনলৈকে বন্ধ আছে VIP VVIP প্ৰৱেশ।
What's Your Reaction?