অসমকে ধৰি ছয় ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ বান-ভূমিস্খলনৰ সাহায্য
কেন্দ্ৰই বানপীড়িত ছয়খন ৰাজ্যৰ বাবে ১০৬৬.৮০ কোটি টকাৰ সাহায্যৰ অনুমোদন জনাইছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰে ।
কেন্দ্ৰই বানপীড়িত ছয়খন ৰাজ্যৰ বাবে ১০৬৬.৮০ কোটি টকাৰ সাহায্যৰ অনুমোদন জনাইছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰে ।
কেন্দ্ৰই ইতিমধ্যে এছডিআৰএফ পুঁজিৰ পৰা ১৪ খন ৰাজ্যলৈ ৬,১৬৬ কোটি আৰু এনডিআৰএফ পুঁজিৰ পৰা এই বছৰ ১২ খন ৰাজ্যলৈ ১,৯৮৮ কোটি টকাৰ পূঁজি মুকলি কৰি দিছে ।
কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ড ৰাজ্যলৈ ১,০৬৬.৮০ কোটি টকা মুকলি কৰিবলৈ অনুমোদন জনাইছে।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) কেন্দ্ৰীয় অংশ হিচাপে বানপীড়িত ছয়খন ৰাজ্যৰ ভিতৰত অসমে ৩৭৫.৬০ কোটি , মণিপুৰে ২৯.২০ কোটি, মেঘালয়ে ৩০.৪০ কোটি , মিজোৰামে ২২.৮০ কোটি , কেৰালাই ১৫৩.২০ কোটি আৰু উত্তৰাখণ্ডে ৪৫৫.৬০ কোটি টকাৰ সাহাজ্য লাভ কৰিছে । নিজা এক্স হেণ্ডেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সিদ্ধান্ত ঘোষণা কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ এই সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ।
What's Your Reaction?