৯ মে’ ত ছবিগৃহলৈ আহিব 'কেচটো নগেন'
৯ মে’ ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া কথাছবি ‘কেচটো নগেন’ । ছবিখনৰ দ্বিতীয়টো গীত ‘দ্য নগেন ছং’ শুভমুক্তিৰ লগে লগে দৰ্শকৰ বিপুল সহাৰি লাভ কৰিছে। গীতটোৰ কথা পুনম নাথ আৰু কণ্ঠদান কৰিছে কুমাৰ ভৱেশে, সংগীত পল্লৱ তালুকদাৰৰ । এই গীতটো সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয়।
আৰ কে জেদ ফিলমচ (RKZ films) ৰ দ্বাৰা নিৰ্মাণ কৰা এই ছবিখনত কাহিনী বাস্তৱধর্মী । বৰ্তমান সময়ত ট্ৰেডিঙৰ জৰিয়তে বিভিন্ন বিত্তীয় কেলেংকাৰীৰ কথাৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । ছবিখন পৰিচালনা কৰিছে ধনজিৎ দাসে। পৰিচালকগৰাকীয়ে জনোৱা মতে ৰাজ্যত ট্ৰেডিঙকলৈ বিত্তীয় কেলেংকাৰী আৰম্ভ হোৱাৰ পূৰ্বে ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী, মার্চ মাহতে কৰা হৈছিল ছবিখনৰ দৃশ্যগ্ৰহণ। এই ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে আৰু শব্দ সংমিশ্ৰণ কৰিছে দেৱব্ৰত চলিহাই ।
What's Your Reaction?