৬ জুনত আহি আছে অসমীয় চলচিত্ৰ "ৰূদ্ৰ"

Apr 28, 2025 - 21:31
Apr 29, 2025 - 21:41
 0  82
৬ জুনত আহি আছে অসমীয় চলচিত্ৰ "ৰূদ্ৰ"

মুক্তি লাভৰ পূৰ্বেই অসমীয়া বোলছবি 'ৰুদ্ৰ'ক লৈ দৰ্শকৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । অসমৰ দৰ্শকসকলে এই এক্সন থ্ৰিলাৰ ছবিখনৰ মুক্তিৰ অপেক্ষাত বাট চাই আছে। অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ উপৰিও অভিনয় কৰিছে আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নীলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অর্শীতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। সংগীত কৰিছে দিগন্ত ভাৰতী আৰু ইবছন লাল বৰুৱাই। 

          প্ৰায় ৪ কোটি টকাতকৈও অধিক ব্যয়ৰে শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবিখনৰ প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰ লগতে অ পি গাৰোডিয়া, অৰবিন্দ গাৰোডিয়া, গৌতম বেৰিয়া, অনুপ বেৰিয়া, মনোজ কুমাৰ কেডিয়া , ৰাজ চৌধৰী আৰু সুজাতা চৌধুৰী । ছবিখনৰ পৰিচালনা কৰিছে ৰূপক গগৈয়ে । ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে হৃষীকেশ ভট্টাচাৰ্য আৰু পৱন ম'ৰ ।

           'ৰুদ্ৰ' চলচিত্ৰ খনৰ পূৰ্বে মুক্তিৰ দিন ১ মে' বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰা হৈছিল যদিও ২ মে' আৰু ৭ মে'ত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাবে দৰ্শকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ছবিখনৰ মুক্তিৰ দিন ১ মে'ৰ সলনি অহা ৬ জুন ধাৰ্য কৰা হৈছে । তদুপৰি অহা ৯ মে'ত আন এখন অসমীয়া বোলচবি 'কেচটো নগেন' মুক্তি পাব। সেই গতিকে এটা সপ্তাহৰ ব্যৱধানত মুক্তি দিলে দুয়োখন ছবিৰ ব্যৱসায়ত প্ৰভাৱ পৰাৰ আশংকা কৰিছে 'ৰুদ্ৰ'ৰ নিৰ্মাতাগোষ্ঠীয়ে ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist