মধ্য প্ৰদেশৰ চাগৰস্থিত দেশৰ সৰ্ববৃহৎ কৃষি-ভল্টেইক সৌৰ প্ৰকল্প

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী (IIT) ৰুৰকীৰ প্ৰাক্তন ছাত্ৰ আনন্দ জৈনে মধ্য প্ৰদেশৰ চাগৰত সৌৰ প্ৰকল্পৰ অধীনত বিদ্যুৎ উৎপাদনৰ লগতে জৈৱিকভাৱে কৃষি কৰি, কৃষি আৰু বিদ্যুৎ উৎপাদনৰ বৈপ্লৱিক ধাৰাৰ সৃষ্টি কৰিছে।

May 5, 2025 - 13:19
May 7, 2025 - 15:41
 0  1
মধ্য প্ৰদেশৰ চাগৰস্থিত দেশৰ সৰ্ববৃহৎ কৃষি-ভল্টেইক সৌৰ প্ৰকল্প

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী (IIT) ৰুৰকীৰ প্ৰাক্তন ছাত্ৰ আনন্দ জৈনে মধ্য প্ৰদেশৰ চাগৰত সৌৰ প্ৰকল্পৰ অধীনত বিদ্যুৎ উৎপাদনৰ লগতে জৈৱিকভাৱে কৃষি কৰি, কৃষি আৰু বিদ্যুৎ উৎপাদনৰ বৈপ্লৱিক ধাৰাৰ সৃষ্টি কৰিছে। তেওঁ ১৬ একৰ ভূমিত দেশৰ সৰ্ববৃহৎ কৃষি-ভল্টেইক(Agri-Voltaic) সৌৰ প্ৰকল্প স্থাপন কৰিছে। যাৰ দ্বাৰা কেৱল বিদ্যুৎ উৎপাদন কৰাই নহয় জৈৱিক কৃষিও কৰা হয়। এই অভিনৱ দ্বৈত-ব্যৱহাৰ প্ৰযুক্তিয়ে এক বহনক্ষম কৃষি আৰ্হি প্ৰদান কৰাৰ লগতে গ্ৰিডলৈ দৈনিক প্ৰায় ২৫,০০০ ইউনিট বিদ্যুৎ যোগান ধৰে। ৰাজ্য চৰকাৰৰ সৈতে হোৱা এক চুক্তিৰ অধীনত, তেওঁ পৰৱৰ্তী ২৫ বছৰৰ বাবে ৩.০৭ টকাৰ স্থিৰ হাৰত বিদ্যুৎ বিক্ৰী কৰি আছে।

সাধাৰণতে, সৌৰ পেনেলৰ তলত খেতি কৰা নহয়। সৌৰ পেনেল ওপৰত থকা বাবে পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ কৃষিভূমিত নপৰে । যাৰ ফলত খেতি ভাল হোৱা দেখা নাযায়। কিন্তু জৈনে কৃষি-ভল্টেইক সৌৰ প্ৰকল্পটো এনেদৰে স্থাপন কৰিছিল যাতে কৃষি ভূমি পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ পায় আৰু বিদ্যুতও উৎপাদন হয়। ইয়াত সৌৰ পেনেলবোৰ এক উচ্চতাত স্থাপন কৰা হয় যাৰফলত তলৰ শস্যবোৰত পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ পাবলৈ সক্ষম হয়।  ইয়াত ষ্ট্ৰবেৰী, লেটুচ আৰু ব্ৰকলিকে ধৰি ১৬ প্ৰকাৰৰ পাচলি আৰু ফলৰ খেতি কৰা হয়।

          উল্লেখযোগ্য যে আনন্দ জৈনৰ এই প্ৰকল্পটো ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ কৃষি-ভল্টেইক সৌৰ প্ৰকল্প। তেখেতে অৱশ্যে জানিব পৰা নাছিল যে এই প্ৰকল্পটো দেশৰ আটাইতকৈ ডাঙৰ কৃষি-ভল্টেইক সৌৰ প্ৰকল্প। তেওঁ জানিছিল যে ই মধ্য প্ৰদেশৰ আটাইতকৈ ডাঙৰ কৃষি-ভল্টেইক সৌৰ প্ৰকল্প। অৱশ্যে, কেইদিনমান আগতে নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী ড০ ডি কে সিঙে প্ৰকল্পটো পৰিদৰ্শন কৰে আৰু ইয়াক দেশৰ আটাইতকৈ ডাঙৰ কৃষি-ভল্টেইক সৌৰ প্ৰকল্প বুলি অভিহিত কৰে। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist