ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা

May 10, 2025 - 17:44
May 13, 2025 - 18:03
 1  2
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল। ইয়াৰ পাছত পাকিস্তানে অবিৰতভাৱে উচটনিমূলক কার্য চলাই আছিল। ড্ৰ’ন আৰু মিছাইলেৰে ভাৰতক আক্ৰমণ কৰিছিল যদিও সফল হ'ব পৰা নাই। ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানে শনিবাৰে পুৱাই পাকিস্তান বায়ুসেনাৰ ঘাটিসমূহক(ৰফিকী, মুৰিদ আৰু চাকলালাত) লক্ষ্য কৰি লয়। যাৰফলত পাকিস্তান সম্পূৰ্ণ ৰূপে আতংকিত হৈ আমেৰিকাৰ আশ্ৰয় বিচাৰে। অৱশেষত আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰে আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল।

           ইয়াৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক্সৰ (X, পূৰ্বৰ টুইটাৰ) জৰিয়তে ভাৰত আৰু পাকিস্তানে যুদ্ধ বিৰতিৰ বাবে সন্মত হোৱাৰ কথা উল্লেখ কৰে।পাছতেই ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়েও ভাৰতৰ ফালৰ পৰা যুদ্ধ বিৰতি ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে।

          আজি এক্স হেণ্ডেলৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে দীঘলীয়া নিশা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত হোৱা আলোচনাৰ পাছত মই আনন্দৰে ঘোষণা কৰিব পাৰিছো যে ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ তাৎক্ষণিকভাৱে যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে। তেওঁ ইয়াৰ বাবে দুয়োখন দেশকে শুভেচ্ছা জনাই দুয়োখন দেশেই বুদ্ধিমত্তা দেখুওৱা বুলিও উল্লেখ কৰিছে। 

            ইয়াৰ পিছত ভাৰত আৰু পাকিস্তান উভই পক্ষই ভূমি, আকাশ, আৰু সাগৰ সকলোতে গুলীবৰ্ষণ আৰু সেনা কাৰ্যকলাপ আজি গধূলী ৫ বজাৰ পৰা বন্ধ কৰাত একমতত উপনীত হৈছে। এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ দুয়ো পক্ষকে নিৰ্দেশ দিয়া হৈছে। উল্লখ্য যে ১২ মে’ তাৰিখে পুৱা ১২ বজাত পুনৰ এই বিষয়টোক লৈ দুয়ো পক্ষই কথা পাতিব।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist