আজি ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ জন্মদিন

Jul 24, 2025 - 07:00
Jul 29, 2025 - 18:21
 0  54
আজি ৰহস্য সম্ৰাট ৰঞ্জু  হাজৰিকাৰ জন্মদিন

১৯৫২ চনৰ ২৪ জুলাই তাৰিখে শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাই। তেওঁ যদিও মোনাবাৰী চাহবাগিচাত জন্মগ্ৰহণ কৰিছিল কিন্তু শৈশৱ পাৰ কৰিছিল কলিয়াবৰত। আজি তেওঁৰ ৭২ সংখ্যক জন্মদিন। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰে পাঠকৰ মন জয় কৰা হাজৰিকাই ইতিমধ্যে বহু গ্ৰন্থ উপন্যাস ৰচনা কৰি উলিয়াইছে। তেওঁ কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী, জ্যোতিষ আদি বিষয়ৰ ওপৰতো বহু গ্ৰন্থ লিখি উলিয়াইছে। ৰঞ্জু হাজৰিকা তেওঁৰ ছদ্মনাম। তেওঁৰ প্ৰকৃত নাম হৈছে কুমুদচন্দ্ৰ হাজৰিকা। তেওঁৰ প্ৰথম উপন্যাস 'বহুৰূপী' প্ৰকাশ পাইছিল ১৯৭৩ চনত। বৰ্তমানলৈকে তেখেতৰ ৭৫০ খন গ্ৰন্থ প্ৰকাশ পাইছে। উপন্যাস লিখাৰ উপৰিও তেওঁৰ চুটিগল্প লিখাৰ বাবেও বিখ্যাত। বিস্মোই", ৰহস্য, তৃশূল, হিয়া, মৌচাক আদি বহুতো অসমীয়া আলোচনীত তেখেতৰ চুটিগল্প প্ৰকাশ পাইছে। বিগত ৩৫ টা বছৰ ধৰি তেওঁ জ্যোতিষ বিজ্ঞানৰ ওপৰতো চৰ্চা কৰি আহিছে। ইতিমধ্যে জ্যোতিষ আৰু হস্তবিদ্যাৰ ওপৰত তেওঁ ১১খন গ্ৰন্থ লিখি উলিয়াইছে।

ৰঞ্জু হাজৰিকাই কৰ্মজীৱন আৰম্ভ কৰিছিল মোনাবাৰী চাহ বাগিছাত গাণনিক হিচাপে । তাৰ পিছত তেওঁ তিনি বছৰৰ বাবে এছ. এছ. বি.ত চাকৰি কৰে। সেই সময়ছোৱাতেই বহুকেইখন কিতাপ লিখি উলিয়াইছিল যদিও প্ৰকাশ কৰা নাছিল। এছ. এছ. বি.ৰ চাকৰি এৰি তেওঁ এখন পান-তামোলৰ দোকান দিছিল । তাৰ পিছত তেওঁ বালিপাৰা চাহ বাগান আৰু আন দুখন চাহ বাগিছাত চাকৰি কৰিছিল। আজৰি সময়ত তেখেতে আন কেইখনমান উপন্যাসৰ কাম সমাপ্ত কৰিছিল। ১৯৮২ চনত তেখেতে 'ত্ৰিশূল' আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল । ১৯৮৪ চনত গুৱাহাটীলৈ আহি 'সংকেত' নামৰ আলোচনীৰ সম্পাদক হিচাপে কাম কৰে। লগতে নিজে 'কণ কণ' নামৰ এখন শিশু আলোচনী প্ৰকাশ কৰিবলৈ লয় যদিও সেইখন বেছিদিন চলা নাছিল। পাছলৈ তেখেতে 'হিয়া', 'তাল', আৰু 'কাৰেং' আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেখেতে ২০০৮ চনত ৰহস্য সম্ৰাট বঁটা আৰু প্ৰেৰণা বঁটা; ২০১১ চনত সাহিত্য বঁটা; ২০২১ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন বঁটা আৰু শেহতীয়াকৈ ২০২৪ চনত তেওঁ 'বিপন্ন বিস্ময় খেল' নামৰ শিশু উপন্যাসৰ বাবে শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ বৰ্তমান অসমৰ জাতীয় সংগঠন অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist