এতিয়াৰে পৰা ১০ বছৰৰ ওপৰৰ শিশুৱে স্বতন্ত্ৰভাৱে খুলিব পাৰিব বেংক একাউন্ট
ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন নিয়ম ঘোষণা কৰিছে। এই নিয়ম অনুসৰি এতিয়াৰে পৰা ১০ বছৰৰ ওপৰৰ শিশুৱে স্বতন্ত্ৰভাৱে নিজাকৈ ছেভিংছ বা টাৰ্ম ডিপ’জিট বেংক একাউণ্ট খুলিবলৈ আৰু পৰিচালনা কৰিবলৈ অনুমতি প্ৰদান কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷
এই নিয়ম প্ৰাথমিক (নগৰীয়া) সমবায় বেংক, ৰাজ্যিক সমবায় বেংক আৰু জিলা কেন্দ্ৰীয় সমবায় বেংককে ধৰি সকলো বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। সোমবাৰে ৰিজাৰ্ভ বেংকে উন্নীতকৃত নিয়মৰ বিষয়ে ব্যাখ্যা কৰি এই নিয়ম সম্পৰ্কীয় জাননীখন প্ৰকাশ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি যিকোনো বয়সৰ নাবালক/নাবালীকাক তেওঁৰ জন্মগত বা আইনী অভিভাৱকৰ জৰিয়তে চেভিংছ(Savings) আৰু টাৰ্ম ডিপ’জিট(Term Deposit) একাউণ্ট খুলিবলৈ আৰু চলাবলৈ অনুমতি দিয়া হ’ব।
আৰ বি আইয়ে বাণিজ্যিক বেংক আৰু সমবায় বেংকক উদ্দেশ্যি এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে । বিজ্ঞপ্তিটোত কোৱা হৈছে যে, “নাবালকসকলৰ বয়স কমেও ১০ বছৰ হ’ব লাগিব আৰু বেংকসমূহে নিজৰ চৰ্ত অনুযায়ী তেওঁলোকৰ ৰিস্ক মেনেজমেণ্ট নীতিৰ প্ৰতি লক্ষ্য ৰাখি এই ধনৰাশি নিৰ্ধাৰণ কৰিব পৰিব আৰু গ্ৰাহকে ইচ্ছা প্ৰকাশ কৰিলে স্বতন্ত্ৰভাৱে ছেভিংছ/টাৰ্ম ডিপ’জিট একাউণ্ট খুলিবলৈ আৰু পৰিচালনা কৰিবলৈ অনুমতি দিব পাৰিব ৷ এনে চৰ্তসমূহ একাউণ্টধাৰীক যথাযথভাৱে অবগত কৰা হ’ব ।”
ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহে নাবালকৰ ছেভিংছ একাউন্ট খোলা গ্ৰাহকৰ উচিত তদন্ত কৰাৰ লগতে ধাৰাবাহিকভাৱে পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব বুলি জনায় । উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ জুলাইৰ ভিতৰত সংশোধিত নিৰ্দেশনা অনুসৰি বৰ্তমানৰ নীতি সংশোধন কৰি নতুন নীতি প্ৰণয়ন কৰিবলৈ কয়।
What's Your Reaction?