ৰাজ্যত হ্ৰাস হ'ব ৰন্ধন গেছৰ মূল্য! পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিলে মূখ্যমন্ত্ৰীয়ে
২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত হ্ৰাস হ’ব ৰন্ধন গেছৰ মূল্য। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছৰ দাম হ্ৰাস সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
সোমবাৰে ধেমাজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কয় যে, ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ কথা চিন্তা কৰি থকা হৈছে। উজ্বলা গেছৰ বৰ্তমানৰ মূল্য ৫৫০ টকা আন্যহাতে সাধাৰণ গেছৰ মূল্য ৯৫০ টকা। এই গেছৰ দাম ২০০ বা ৩০০ টকাকৈ হ্ৰাস কৰি দিলে ৰাইজে যথেষ্ঠ সকাহ পাব। অৱশ্যে কেতিয়া ৰন্ধন গেছৰ দাম হ্ৰাস কৰিব সেই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই তেওঁ। লগতে ব্ৰহ্মপুত্ৰৰ তলত হ'বলগীয়া সুৰংগ সন্দৰ্ভত মূখ্যমন্ত্ৰীজনে কয় যে, আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছিল। এতিয়া তলেৰে সুৰংগ পথ নিৰ্মাণ হ'ব। দুই- এদিনৰ ভিতৰতে এই সুৰংগ পথৰ নিৰ্মাণ কাম আৰম্ভ হ'ব। আমেৰিকা-চীনৰ দৰে হ'ব অসম। গতিকে অসমৰ সকলো মানুহ ব্ৰহ্মপুত্ৰৰ তলেৰে যাব পাৰিব।
উল্লেখযোগ্য যে, ৰাজ্যজুৰি দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ২মে’ ২০২৫ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । একেদৰে ৭ মে’ ২০২৫ ত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । এই দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাকেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি (কৰিমগঞ্জ)।
একেদৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাকেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া এই পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ দলসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ।
What's Your Reaction?