অহা ২৩ মে'ত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তিলাভ কৰিব অসমীয়া ছবি 'ভাইমন দা'
অহা ২৩ মে'ত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তিলাভ কৰিব এই নতুন অসমীয়া ছবিখন ।অসমীয়া ছবিজগতৰ এইগৰাকী কিংবদন্তী(মুনিন বৰুৱা)ৰ জীৱনশৈলী, কৰ্মৰাজি তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই 'ভাইমন দা' ছবিখন ।
মুনীন বৰুৱা (ভাইমন দা)দেৱে পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়'কে ধৰি বহুকেইখন জনপ্ৰিয় চিনেমা নিৰ্মাণেৰে অসমীয়া ছবি জগতলৈ সৰ্ববৃহত অৱদান আগবঢ়াইছে ।
অসমীয়া বোলছবি জগতখনৰ ৯০ বছৰীয়া যাত্ৰাৰ বিভিন্ন উত্থান-পতন, ঘাত-প্ৰতিঘাত, ছবিগৃহত হিন্দী চিনেমাৰ পয়োভৰৰ পিছত অসমীয়া চলচ্চিত্ৰই কেনেদৰে সপ্তাহজোৰা প্ৰদৰ্শনী লাভ কৰিছিল তাৰ আঁৰৰ সংঘৰ্ষক লৈ নিৰ্মাণ কৰা হৈছে 'ভাইমন দা' চিনেমাখন।
ছবিখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে । আনহাতে ছবিখনৰ চিনেমেটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ আৰু শশাংক সমীৰৰ দ্বাৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা কৰা হৈছে । মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই আৰু অন্যান্য চৰিত্ৰ সমূহত য়শস্বী ভূঞা, গুণাকৰ দেৱ গোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় ৩oo ৰো অধিক শিল্পীয়ে অভিনয় কৰিছে । ছবিখনৰ সম্পাদনাৰ কাম কৰিছে প্ৰীতম খাউণ্ডে আৰু ছাউণ্ড ডিজাইনাৰ হিচাপে কাম কৰিছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে ।
চিনেমা খনৰ মুক্তিৰ তাৰিখ পূৰ্বৰ ৯ মে'ৰ পৰা পিছুৱাই আনি ২৩ মে' কৰা হয় ।মে' মাহত ইতিমধ্যে 'ভাইমন দা' ৰ উপৰিও অন্য দুখ্ন অসমীয়া ছবি,ৰূপক গগৈ পৰিচালিত 'ৰুদ্ৰ' আৰু ধনজিৎ দাস পৰিচালিত 'কেছটো নগেন'ৰ মুক্তিৰ তাৰিখ ওচৰা-ওচৰি হোৱাৰ বাবে আৰু মে' মাহৰ ৯ তাৰিখে 'কেছটো নগেন'ৰ সৈতে একেলগে মুক্তিৰ দিন পৰাত 'ভাইমন দা'ৰ নিৰ্মাতাই নিজৰ মুক্তিৰ দিন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে ।
What's Your Reaction?