পুনৰ বিমান দুৰ্ঘটনা

Jul 17, 2025 - 16:25
Jul 28, 2025 - 19:22
 0  93
পুনৰ বিমান দুৰ্ঘটনা

যোৱা মঙলবাৰে কথমপি ছাই হোৱাৰ পৰা ৰক্ষা পৰিছিল নিশা পাটনা বিমান বন্দৰৰ ৰাণৱেত দিল্লীৰ পৰা আহি অৱতৰণ কৰা এখন এয়াৰ ইণ্ডিয়াৰ বিমান ৷ ঠিক তাৰ এদিন পিছতে অৰ্থাৎ বুধবাৰে নিশা মাজআকাশত উৰি থকা অৱস্থাতে ইণ্ডিগ'ৰ এখন বিমানৰ ইঞ্জিন বিকল হৈ পৰিল ৷ বিমানখনে দিল্লীৰ পৰা উৰা মাৰিছিল গোৱালৈ বুলি ৷ পিছে মাজআকাশতে ইণ্ডিগ'ৰ 6E 6271 নম্বৰৰ বিমানখনৰ ইঞ্জিন বিকল হৈ পৰে। লগে লগে বিমানখন নিশা প্ৰায় 9.52 বজাত ইমাৰ্জেন্সী লেণ্ডিং কৰোৱা হয় মুম্বাই বিমান বন্দৰত। ইণ্ডিগʼ কৰ্তৃপক্ষই জনোৱা মতে বিমানখনৰ কিছু কাৰিকৰী বিজুতি ধৰা পৰাৰ বাবেই 'ফুল ইমাৰ্জেন্সী'ঘোষণা কৰি বিমানখনখনৰ যাত্ৰাপথ সলনি কৰি জৰুৰীভাৱে মুম্বাই বিমান বন্দৰত অৱতৰণ কৰোৱা হয় । লগতে তেওঁলোকে জনায় যে বিমানখন অৱতৰণৰ পিছত সকলো যাত্ৰীকে নিৰাপদে বাহিৰলৈ উলিয়াই আনি আন এখন বিমানেৰে তেওঁলোকৰ আধৰুৱা যাত্ৰা সম্পূৰ্ণ কৰোৱা হয়। 

 আনহাতে বিমান পৰিবহণ সংস্থাটোৱে বিজুতি ঘটা বিমানখনৰ কাৰিকৰী পৰীক্ষা কৰি থকা হৈছে বুলিও প্ৰকাশ কৰে ৷ কিন্তু মাজআকাশত বিমানখনৰ ইঞ্জিন বিকল হোৱাৰ কাৰণ সন্দৰ্ভত এই পৰ্যন্ত ইণ্ডিগ' কৰ্তৃপক্ষই কোনো স্পষ্ট মন্তব্য কৰা নাই ৷

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist