সম্পূৰ্ণ এমাহৰ পাছত প্ৰকাশ পালে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতিবেদন

Jul 13, 2025 - 11:00
Jul 15, 2025 - 13:21
 0  103
সম্পূৰ্ণ এমাহৰ পাছত প্ৰকাশ পালে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতিবেদন

  অভিশপ্ত ১২ জুনৰ দিনটোত সমগ্ৰ বিশ্বক শোকস্তব্ধ কৰি তোলা আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰতিবেদন প্ৰকাশ পালে সম্পূৰ্ণ এমাহৰ পাছত ৷ ইতিমধ্যে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ'(AAIB)ই শোকাবহ দুৰ্ঘটনাটোৰ সামগ্ৰিক তদন্ত কৰি সেই দুৰ্ঘটনাৰ তদন্ত প্ৰতিবেদন প্ৰকাশ কৰিছে ৷ প্ৰতিবেদনত স্পষ্টভাবে উল্লেখ কৰা হৈছে যে ১২ জুনৰ দিনটোত এয়াৰ ইণ্ডিয়াৰ AI 171 অভিশপ্ত বিমানখনে আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে টেকঅফ্ কৰাৰ কেইমুহূৰ্তমানৰ পিছতেই বিমানখনৰ দুয়োটা ইঞ্জিনলৈ ইন্ধন যোগান বন্ধ হৈ পৰিছিল ৷ মাত্ৰ এক ছেকেণ্ডৰ ব্যৱধানত ইঞ্জিন ১আৰু ইঞ্জিন ২ দুয়োটাৰে ইন্ধন যোগানৰ ছুইচ ৰানৰ পৰিৱৰ্তে টাৰ্ণ অফ্ অৰ্থাৎ বন্ধ কৰা হৈছিল ৷

১৫ পৃষ্ঠাৰ তদন্ত প্ৰতিবেদনখনত আৰু স্পষ্ট হৈছে বিমানখনত ২৩০ গৰাকী যাত্ৰী আৰু ১২ গৰাকী ক্ৰু মেম্বাৰ আছিল ৷ বিজনেছ ক্লাছত যাত্ৰী আছিল ১৫ গৰাকী , ইক'নমি ক্লাছত দুটি শিশুৰে সৈতে মুঠ ২১৫ গৰাকী যাত্ৰী আছিল।

ককপিটত থকা ভয়চ ৰেকৰ্ডাৰটোত বিমানখনৰ পাইলট আৰু সহ-পাইলটৰ মাজত হোৱা কথোপকথন বাণীবদ্ধ হৈছিল৷ সেই কথোপকথনত শুনা গৈছিল যে পাইলটে সহকাৰী পাইলটক প্ৰশ্ন কৰিছিল ইন্ধনৰ ছুইচ কিয় বন্ধ কৰা হৈছে৷ সহকাৰী পাইলটে লগে লগে উত্তৰ দিছিল যে তেওঁ ছুইচ বন্ধ কৰা নাই। ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰললৈ "মে ডে মে ডে" বুলি আপদকালীন বাৰ্তা প্ৰেৰণ কৰিছিল আৰু লগে লগে এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ পৰা বিমানখনৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও কোনোধৰণৰ সঁহাৰি নাপালে এয়াৰ ট্ৰেফিক কণ্ট্ৰলে।

উৰণৰ সময়ত বিমানখনত ইন্ধন আছিল ৫৪,২০০ কিলোগ্ৰাম ৷ মুঠ ২,১৩,৪০১ কিলোগ্ৰাম ওজন লৈ বিমানখনে টেকঅফ কৰিছিল, যিটো সম্পূৰ্ণ নিয়মৰ অধীনত আছিল। প্ৰতিবেদনখনত বিমানখনত কোনো অতিৰিক্ত ওজন নাছিল বুলিও কোৱা হৈছে ৷ বিমানখনত কোনো বিপদজনক সামগ্ৰীও নাছিল ৷ উৰণৰ পূৰ্বে বিমানখনৰ দুয়োটা ইঞ্জিনৰ লগতে ইন্ধনৰ নমুনাও পৰীক্ষা কৰা হৈছিল। সেইক্ষেত্ৰত কোনো বিসংগতি ধৰা পৰা নাই বুলি তদন্ত প্ৰতিবেদনত কোৱা হৈছে ৷ দুয়োটা ইঞ্জিনলৈ ইন্ধন যোগান বন্ধ হোৱাৰ বাবেই আহমেদাবাদৰ সেই শোকাৱহ বিমান দুৰ্ঘটনাটো সংঘটিত হৈছিল প্ৰতিবেদনত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist