আজি ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতি বছৰে মানুহৰ মাজত যোগৰ গুৰুত্ব সম্পৰ্কে সজাগতা বিয়পাই দিয়াৰ উদ্দেশ্যেপালন কৰা হয়। শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাৰ বাবে যোগ এক ফলপ্ৰসূ প্ৰাকৃতিক প্ৰতিকাৰ।যোগ দিৱসৰ দিনটোত দেশ-বিদেশৰ বিভিন্ন স্থানত যোগ শিবিৰৰ আয়োজন কৰা হয় আৰু লক্ষ্য লক্ষ্য লোকৰসমাগমেৰে এই দিনটোত যোগাভ্যাস কৰা হয়। উল্লেখযোগ্য যে ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূলমন্ত্ৰহৈছে ‘এক পৃথিৱী, এক স্বাস্থ্য।
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত কেন্দ্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে। তেওঁ বিশাখাপট্টনমত ৩ লাখ লোকৰ সৈতে যোগাসন কৰে।
অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনতঅংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুম্বাইৰ আইকনিক গেটৱে অৱ ইণ্ডিয়াত আয়োজিত ১১ সংখ্যকআন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে।
প্ৰতি বছৰে ২১ জুনত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। আজি সমগ্ৰ বিশ্বৰ লগতেভাৰততো ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪চনৰ ৰাষ্ট্ৰসংঘত দিয়া এক ভাষণত যোগ দিৱসৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে আৰু সম্পৰ্কিত প্ৰস্তাৱটোৱেব্যাপক বিশ্বব্যাপী সমৰ্থন লাভ কৰে। ১৭৭ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইয়াক সহ-পৃষ্ঠপোষকতা কৰেআৰু সৰ্বসন্মতিক্ৰমে গৃহীত হয়। পৰৱৰ্তী সময়ত নিউয়ৰ্ক, পেৰিছ, বেইজিং, বেংকক, কুয়ালালামপুৰ, চিউল আৰুনতুন দিল্লীকে ধৰি সমগ্ৰ বিশ্বতে ২১ জুন ২০১৫ তাৰিখে প্ৰথম আন্তৰ্জাতিক যোগ দিৱস সফলতাৰে উদযাপন কৰাহৈছিল।
What's Your Reaction?