ইনষ্টাগ্ৰামত ফল’ৱাৰৰ সংখ্যা হ্ৰাসেই কাল হ'ল জনপ্ৰিয় ইনফ্লুয়েন্সাৰ মিশা আগৰৱালৰ
সামাজিক মাধ্যমত ৰীলছ তৈয়াৰৰ জৰিয়তে জনপ্রিয়তা অৰ্জন কৰা মিছা আগৰৱালৰ আত্মহত্যা। বুধবাৰে পৰিয়ালটোৱে কয় যে বিশেষকৈ ইনষ্টাগ্ৰামত ফ’ল’ৱাৰ হেৰুৱাবলৈ আৰম্ভ কৰাৰ পিছত তেওঁ হতাশাত ভুগিছিল। নিজৰ কেৰিয়াৰক লৈ দুখ আৰু ভয়ৰ সৈতে যুঁজি আছিল।
নিজৰ জন্মদিনৰ মাত্ৰ দুদিন পূৰ্বে ২০২৫ চনৰ ২৪ এপ্ৰিলত মৃত্যু হৈছিল জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ মিশা আগৰৱালৰ।
মিছাৰ ভগ্নীয়ে সামাজিক মাধ্যমত আপলোড কৰা এক প’ষ্টত এইদৰে লিখিছিল—‘মোৰ কনিষ্ঠ ভগ্নীয়ে ইনষ্টাগ্ৰাম আৰু নিজৰ অনুৰাগীৰ মাজত এখন নিজা জগত গঢ়ি তুলিছিল। তেওঁৰ লক্ষ্য আছিল ইনষ্টাগ্ৰামত এক নিযুত ফল’ৱাৰ লাভ কৰা। কিন্তু ফল’ৱাৰৰ সংখ্যা ভবা ধৰণে বৃদ্ধি নোহোৱাত মিছা হতাশগ্ৰস্ত হৈছিল। এপ্ৰিলৰ আৰম্ভণিৰে পৰা তেওঁ বৰ উদাস হৈছিল। ফল’ৱাৰৰ সংখ্যা হ্রাস পালে কেৰিয়াৰ ধ্বংস হ’ব বুলিও মিছাই শংকা প্ৰকাশ কৰিছিল ৷ হতাশাৰ কাৰণতে তাই আত্মহত্যা কৰিলে।
What's Your Reaction?