ভাৰতে নিষিদ্ব কৰিলে ১৬ টাকৈ পাকিস্তানী ইউটিউব চেনেল আৰু নিউজ চেনেল

Apr 28, 2025 - 22:04
Apr 29, 2025 - 22:16
 0  197
ভাৰতে নিষিদ্ব কৰিলে ১৬ টাকৈ পাকিস্তানী ইউটিউব চেনেল আৰু নিউজ চেনেল

সাম্প্ৰদায়িক আৰু ভুৱা তথ্যৰ প্ৰচাৰ কৰাৰ অভিযোগত ভাৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰে ১৬ টাকৈ ইউটিউব চেনেলৰ বিৰুদ্ধে ৷ 

গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ভাৰত চৰকাৰে কেইবাটাও পাকিস্তানী ইউটিউব আৰু নিউজ চেনেল নিষিদ্ধ কৰিছে।

 পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত অধিক তীব্ৰতৰ হৈ পৰিছে। ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ পাচত এইবাৰ ডিজিটেলীও আক্ৰমণ আৰম্ভ কৰিছে।যাৰ পৰিণাম স্বৰূপে ভাৰত চৰকাৰে বন্ধ কৰি দিছে ১৬ টাকৈ পাকিস্তানী ইউটিউব চেনেল ৷

এই সকলোবোৰ পাকিস্তানী ইউটিউব আৰু  নিউজ চেনেলে ভাৰতীয় সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে সংবেদনশীল বিষয়বস্তু, মিছা আৰু বিভ্ৰান্তিকৰ মন্তব্য বিয়পাইছিল। সেইহেতুকে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

নিষিদ্ধ প্লেটফৰ্মসমূহৰ ভিতৰত থকা চেনেল সমূহ হ'ল-- ডন নিউজ, চামা টিভি, এআৰৱাই নিউজ, বোল নিউজ, ৰাফটাৰ, জিঅ' নিউজ আৰু চুনো নিউজৰ ইউটিউব চেনেলসমূহ৷ সাংবাদিক ইৰশাদ ভাট্টি, আসমা শিৰাজী, উমাৰ চিমা আৰু মুনীব ফাৰুকৰ ইউটিউব চেনেলসমূহো নিষিদ্ধ কৰা হৈছে৷ নিষিদ্ধ কৰা অন্যান্য হেণ্ডেলবোৰৰ ভিতৰত আছে পাকিস্তান ৰেফাৰেন্স, চামা স্পৰ্টছ, উজাইৰ ক্ৰিকেট, জি এন এন আৰু ৰাজি নামা।

উল্লেখযোগ্য যে চৰকাৰে বিবিচিকো(BBC) ভুৱা বাতৰি প্ৰচাৰ কৰা সন্দৰ্ভত সকীয়নি প্ৰদান কৰিছে ৷

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist