টেকেলি পিঠা নতুবা ভাপত দিয়া পিঠানো কেনেকৈ বনায় !
টেকেলী পিঠা বনাবলৈ হ'লে প্ৰথমতে লাগিব চাউল। প্ৰয়োজন অনুসৰি চাউলখিনি দুঘন্টামান তিয়াই ৰাখিব লাগে। দুঘন্টা হোৱা পিছত চাউলখিনি ৰ'দত শুকাব দিব লাগিব আৰু এনেকৈ শুকাব লাগিব যাতে পানী এটুপালো নাথাকে।
টেকেলি পিঠা হ'ল অসমৰ স্থানীয় পিঠা। ভাৰতৰ আন ঠাইত এই পিঠা বনোৱা পদ্ধতি দেখিবলৈ পোৱা নাযায়৷ চাউলৰ পিঠাগুড়ি, ৰোকা নাৰিকল আৰু চেনিৰ ভজা মিশ্ৰণ অথবা ভজা তিল আৰু গুড়ৰ মিশ্ৰণ হ'লেই এইবিধ পিঠা তৈয়াৰ কৰিব পাৰি। অন্যথা চাউল, চেনি হ'লেই এইবিধ পিঠা বনাব পাৰি। বাপতী সাহোন বিহুত আমাৰ অসমীয়া সমাজে কেটলী পিঠা বনাই। কেটলী পিঠা এতিয়া বিহুতেই সীমাবদ্ধ নাথাকি চাহৰ দোকানতো উপলব্ধ। এতিয়া আপুনি বছৰৰ প্ৰতিটো দিনতেই মন গʼলেই যেন খাব পাৰিব এই পিঠা। আমাৰ এই কেটলী পিঠাটো কেনেকৈনো বনাই আৰু আপোনালোকে যদি এতিয়ালৈকে বনোৱা নাই তলত উল্লেখ কৰা পদ্ধতিৰে বনাবলৈ চেষ্টা কৰিব পাৰে --
কেটলী পিঠাক ভাপত দিয়া পিঠা নতুবা টেকেলি পিঠা বুলিও কোৱা হয়।
টেকেলী পিঠা বনাবলৈ হ'লে প্ৰথমতে লাগিব চাউল। প্ৰয়োজন অনুসৰি চাউলখিনি দুঘন্টামান তিয়াই ৰাখিব লাগে। দুঘন্টা হোৱা পিছত চাউলখিনি ৰ'দত শুকাব দিব লাগিব আৰু এনেকৈ শুকাব লাগিব যাতে পানী এটুপালো নাথাকে। ইয়াৰ পিছত চাউলখিনি সম্পূৰ্ণকৈ গুৰি কৰি ল'ব লাগিব। ঢেকী অথবা মিক্সিত গুৰি কৰি ল'ব পাৰিব। চাউলৰ গুৰিখিনিক আমি পিঠাগুৰি বুলিও কও। পিঠাগুৰিখিনি চৰীয়া এটাত ৰাখি ভালকৈ চালি ল'ব লাগিব। পিঠাগুৰিখিনি বাহৰ চালনি নতুবা প্লাষ্টিকৰ চালনিৰেও চালি ল'ব পাৰে। ভালকৈ গুৰি নোহোৱা অৱশিষ্টখিনি পুনৰ গুৰি কৰি ব্যৱহাৰ কৰিব পাৰে। গোটেই পিঠাগুৰিখিনি এতিয়া চৰিয়া এটাত ৰাখিব লাগিব আৰু ইয়াত প্ৰয়োজন অনুসৰি নিমখ আৰু চেনি দিব লাগে। ইয়াতে আৰু এটা কথা মন কৰিব লাগিব যে নিমখৰ পৰিমাণ যাতে চেনিতকৈ কম হয়। ইচ্ছা কৰিলে চেনি নিদিয়াকৈও বনাব পাৰিব। ইয়াৰ পিছত গোটেইখিনি মিহলাই পিঠাগুৰিখিনিত সেমেকা ভাৱ আনিবলৈ অলপমান পানী ছটিয়াই দিব লাগে তেতিয়া টেকেলী পিঠা বনাব সুবিধা হয়। এতিয়া আকৌ এবাৰ বহল ফুটাৰ চালনী লৈ চাউলৰ গুৰি অথবা পিঠাগুৰিখিনি চেকি লব লাগিব। তেকেলী পিঠা বনাবলৈ আমাৰ পিঠাগুৰিখিনি সাজু। আমাক এতিয়া প্ৰয়োজন হ'ব এটা কেটলীৰ। কেটলীটোৰ ঢাকনখনত তেল অকমান লগাই ল'ব লাগিব (পাতলকৈ ব্ৰাচৰ সহায়ত) যাতে পিঠাগুৰিখিনি লাগি নধৰে। পিঠাগুৰি এতিয়া প্ৰয়োজন সাপেক্ষে ঢাকনীত ৰাখিব আৰু যাতে জোৰকৈ হেচি নিদিয়ে। আমাক এতিয়া প্ৰয়োজন হ'ব এখন কটন কাপোৰ নাইবা পাতল কাপোৰ। কাপোৰখন অকমান পানীত টিয়াই লৈ ঢাকনীখনত ভালকৈ মেৰিয়াই ল'ব লাগিব। এইফালে কেটলীটোত আধামান পানী লৈ উতলাব লাগিব আৰু এই উতলা পানীৰ ভাপতেই আমি পিঠাটো বনাম। পানীৰ ভাপত বনোৱা কাৰণে টেকেলি বা কেটলী পিঠাক ভাপত দিয়া পিঠা বুলিও কোৱা হয়। এতিয়া ঢাকনীটো কেটলীটোৰ ওপৰত ওলোটাকৈ দি মধ্যমিয়া জুইত ১০-১৫ মিনিট ৰাখিব লাগিব। কেটলীটোৰ মুখখন পানীৰ ভাপ ওলাই আহিব নোৱাৰাকৈ বান্ধিব লাগিব নহ'লে ভিতৰৰ পানীখিনি সোনকালে ভাপ হৈ উৰি যাব। ১০-১৫ মিনিট পিছত কেটলীৰ ঢাকনীখন নমাই আনি মেৰিয়াই থোৱা কাপোৰখন সাৱধানে এৰুৱাব লাগিব কাৰণ ঢাকনী আৰু কাপোৰখন বহুপৰিমাণে গৰম হৈ আছে।
এইটো পদ্ধতিৰে আপুনিও ঘৰতে চাহৰ লগত গৰম গৰম কেটলী তথা টেকেলি পিঠাৰ জুতি ল'ব পাৰে।
What's Your Reaction?