অসমৰ কাৰ্বি আংলং জিলাত ভূমিকম্পৰ জোকাৰণি

Jul 8, 2025 - 09:17
Jul 9, 2025 - 00:22
 0  62
অসমৰ কাৰ্বি আংলং জিলাত ভূমিকম্পৰ জোকাৰণি

মংগলবাৰে পুৱা অসমৰ কাৰ্বিআংলং জিলাত ৪.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি । গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইতো ইয়াৰ কম্পন অনুভূত হয় ।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই (এনচিএছ) জনোৱা অনুসৰি ৪.১ জোখৰ ৰিখটাৰ স্কেলত মধ্যমীয়া ভূমিকম্পই জোকাৰি যায় অসমৰ কাৰ্বি আংলং জিলাক । ভাৰতীয় সময় মতে পুৱা ৯:২২ বজাত ২৫ কিলোমিটাৰ গভীৰতাত এই কম্পন অনুভূত হয় আৰু ইয়াৰ কেন্দ্ৰস্থল ২৬.৫১°এন অক্ষাংশ আৰু ৯৩.১৫°ই দ্ৰাঘিমাংশত অৱস্থিত । এই জোকাৰণিৰ ফলত কোনো সম্পত্তিৰ ক্ষয়-ক্ষতি অথবা হতাহত হোৱাৰ তাৎক্ষণিক খবৰ পোৱা হোৱা নাই । জানিব পৰা মতে ভূমিকম্পৰ উৎপত্তিৰ স্থানৰ আশে-পাশে থকা অঞ্চলৰ বাসিন্দাসকলে কম্পন অনুভৱ কৰাৰ ফলত চমু আতংকৰ সৃষ্টি হোৱা দেখা গৈছে ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist