মায়ানগৰী মুম্বাইত ব্যস্ত অভিনেত্ৰী নিশিতা গোস্বামী

May 3, 2025 - 19:49
May 3, 2025 - 20:31
 0  143
মায়ানগৰী মুম্বাইত ব্যস্ত অভিনেত্ৰী নিশিতা গোস্বামী

অসমৰ অভিনেত্ৰী নিশিতা গোস্বামীৰ সৈতে মুন্না ভাই ক্ষাত বলিউডৰ চুপাৰষ্টাৰ সঞ্জয় দত্তৰ এটা ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। 

          সঞ্জয় দত্তৰ সৈতে শ্বুটিঙত ব্যস্ত অসমৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী। মায়ানগৰী মুম্বাইত বলিউডৰ চুপাৰস্তাৰ সঞ্জয় দত্তৰ সৈতে একেলগে নিশিতা গোস্বামীক দেখিবলৈ পোৱা গৈছে। বিশেষ এডফিল্মৰ শ্বুটিঙত দুয়োজনকে একেলগে দেখিবলৈ পোৱা গৈছে।

          নিশিতা গোস্বামীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে এটা ভিডিঅ চেয়াৰ কৰি মন্তব্য কৰি কয় যে, ছুপাৰষ্টাৰ যতীন বৰা, ৰবি শৰ্মা, আৰু কপিল বৰাৰ দৰে গুৰুৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আৰু তেওঁলোকৰ নিৰ্দেশনাৰ পৰা অপৰিসীমভাৱে শিকি অহাৰ পাছত এতিয়া মই নিজকে অভিনয় যাত্ৰাৰ নতুন দিগন্ত অন্বেষণ কৰিবলৈ সাজু হৈছোঁ। মেগাষ্টাৰ সঞ্জয় দত্তৰ সৈতে কাম কৰাটো এক অবিস্মৰণীয় অভিজ্ঞতা। কি যে অবিশ্বাস্য যাত্ৰা এয়া! মোৰ কলাৰ বিষয়ে আৰু নিজৰ বিষয়ে আৰু বহুত আৱিষ্কাৰ কৰিছোঁ৷ এই সুযোগৰ বাবে মই ঈশ্বৰৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ। কেৱল অভিনয় কৰাই নহয়, মোৰ আৱেগকো জীয়াই ৰখাৰ সুযোগ দিয়া বাবে। অভিনয় মোৰ বাবে সকলো। যেতিয়া শিল্পৰ গভীৰতালৈ সোমাই যোৱাৰ সুযোগ দিয়া হয়, তেতিয়া ইয়াৰ অৰ্থ হ’ল পৃথিৱীখনত এই মুহূৰ্তটোৱে এটা শক্তিশালী নতুন অধ্যায় চিহ্নিত কৰে আৰু মই ইয়াক সহৃদয়তাৰে আঁকোৱালি লওঁ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist