পাকিস্তান প্ৰীতিৰ বাবে অসমত গ্ৰেপ্তাৰ হ'ল ২৭ জন
পহেলগাম ( Pahalgam)সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থনৰ কৰাৰ বাবে অসমত এতিয়ালৈকে কমেও ২৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। ড° শৰ্মাই লগতে এক্স (X, পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰি কয় যে "এতিয়ালৈকে ২৭ জন এণ্টি নেচনেলক আটক কৰা হৈছে,"(গ্ৰেপ্তাৰৰ সংখ্যাটো সোমবাৰৰ নিশালৈকেহে আছিল)
গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত বিৰোধী এআইইউডিএফ(AIUDF)ৰ বিধায়ক আমিনুল ইছলাম আছে, যিয়ে পাকিস্তান প্ৰীতিৰ ফলস্বৰূপে ৰাজদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল আৰু পহেলগাম আক্ৰমণত ইয়াৰ জড়িত থকাৰ অভিযোগ তৰা হৈছিল।
মূখ্যমন্ত্ৰীজনে কয় যে "ভাৰত আৰু পাকিস্তানৰ মাজত কোনো সাদৃশ্য নাই। দুয়োখন দেশ শত্ৰু ৰাষ্ট্ৰ আৰু আমি তেনেকৈয়ে থাকিব লাগিব," ।
What's Your Reaction?